ওপৰৰ ছবিখনৰ চিত্ৰকৰ হৈছে প্ৰখ্যাত ফৰাচী চিত্ৰশিল্পী গুস্তাভ কুখ্বে (১৮১৯-১৮৭৭)। ছবিখনৰ নাম “শিল-ভাঙোতা” (মূল ভাষাত ‘Les Casseurs de pierres’)। ১৮৪৯ চনত অঁকা এই ছবিখন ঊনৈছ শতিকাৰ বাস্তৱবাদী চিত্ৰকলাৰ এক উৎকৃষ্ট নিদৰ্শন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰ বাহিনীৰ বোমা বৰ্ষণত ধ্বংসপ্ৰাপ্ত হোৱা এই ছবিখনত কুখ্বেৰ মানৱতাবাদ, বাস্তৱবাদ আৰু প্ৰচলিত চিত্ৰ-কলাৰ বিষয়বস্তু তথা কলা-কৌশলৰ প্ৰতি ক্ষোভ আৰু অনীহাৰ কথা স্পষ্টকৈ ফুটি ওলাইছে।
এই ছবিখনৰ সৈতে ড° ভূপেন হাজৰিকাৰ ১৯৫২ চনত ৰচিত ‘ভাং ভাং ভাং ভাঙোতা শিল ভাং’ গীতটোৰ বিষয়বস্তুৰ সাদৃশ্য মন কৰিবলগীয়া। ভূপেন হাজৰিকাৰ বহুতো গীতত পাশ্চাত্য চিত্ৰশিল্পৰ প্ৰভাৱ স্পষ্ট যদিও উক্তগীতটিত কুখ্বেৰ এই ছবিখনৰ কিবা প্ৰভাৱ আছে নে নাই আমি নাজানো। অথবা তেনে কোনো প্ৰভাৱৰ কথা ইংগিত কৰা বা নুই কৰাটোও আমাৰ উদ্দেশ্য নহয়। কিন্তু দুয়োটা শিল্পকৰ্মৰে সাদৃশ্যবোৰ বৰ চকুত পৰা, আৰু সেয়েহে সিবোৰৰ এক চমু বিচাৰৰ কথা আপোনা-আপুনি মনলৈ আহে। হয়তো এনে বিচাৰৰ দ্বাৰা শিল্পীমন আৰু শিল্পকলা সম্পৰ্কে কেতবোৰ মনোগ্ৰাহী আৰু গুৰুত্বপূৰ্ণ কথাৰ আভাস পোৱা যাব পাৰে।
কুখবেৰ শিল ভাঙোতা দুজনৰ ছবি আৰু ভূপেন হাজৰিকাৰ শিল ভাঙোতাজনৰ গীত — এই উভয় শিল্পকৰ্মতে সাম্যবাদী মতাদৰ্শৰ গভীৰ প্ৰভাৱ দেখা যায়। কুখবেয়ে এই ছবিখন অঁকাৰ এবছৰ আগেয়ে ১৮৪৮ চনত মাৰ্ক্স আৰু এংগেল্ছৰ কমিউনিষ্ট মেনিফেষ্ট’ পুস্তিকাখন প্ৰকাশ পায়। উনৈছ শতিকাৰ বৌদ্ধিক জীৱনৰ বিভিন্ন দিশৰ উপৰিও ইউৰোপীয় চিত্ৰকলাৰ ক্ষেত্ৰখনতো এই পুস্তিকাখনিৰ প্ৰভাৱ আছিল অতি গভীৰ।
ফ্ৰান্সতো কুখবে (Gustave Courbet), জঁ-ফঁচোৱা মিলে (Jean-François Millet) আদি সমসাময়িক বাস্তৱবাদী চিত্ৰশিল্পীৰ ওপৰত এই মাৰ্ক্সীয় আদৰ্শই দকৈ সাঁচ বহুৱাইছিল। ইয়াৰ ফলতেই তেওঁলোকে ইউৰোপীয় চিত্ৰশিল্পত পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় বিষয়বস্তুসমূহ ত্যাগ কৰিছিল আৰু সমাজৰ কঠোৰ বাস্তৱৰ পৰা ছবিৰ বিষয়বস্তু বাচি বাচি লৈছিল। ধৰ্মীয় বিষয়বস্তুক ত্যাগ কৰাৰ প্ৰসংগত কুখবেয়ে এবাৰ কৈছিল: ‘মই যদি দেৱদূতৰ ছবি আঁকিব লাগে তেন্তে মোক এজন দেৱদূত আনি দিয়ক।’
ভূপেন হাজৰিকাৰ গীততো এনে সাম্যবাদী চিন্তাধাৰাৰ প্ৰভাৱ আছিল গভীৰ। ভাৰতবৰ্ষত সমাজ-বাস্তৱতাবাদে ভূমুকি মাৰিছিল মূলতঃ সাহিত্যৰ মাজেৰে, আৰু এইক্ষেত্ৰত ভাৰতীয় গণনাট্য সংঘ, প্ৰগতিশীল লিখক সংঘ আদিৰ ভূমিকা আছিল প্ৰৱল। উল্লেখ্য যে ভূপেন হাজৰিকা নিজেও ১৯৫৪ চনৰে পৰাই গণনাট্য সংঘৰ সক্ৰিয় সদস্য আছিল আৰু এই পঞ্চাছৰ দশকতেই তেওঁৰ ভালেমান সাম্যবাদী চিন্তাৰ গীত ৰচনা কৰিছিল। ১৯৫২ চনত ৰচিত ‘ভাং ভাং ভাং ভাঙোতা’ গীতটি তাৰ মাজত অন্যতম।
কুখবেৰ ‘শিল-ভাঙোতা’ ছবিখনতো এনে সাম্যবাদী চিন্তা-চৰ্চাৰ প্ৰভাৱ স্পষ্ট। সেই সময়ৰ আন আন বাস্তৱবাদী ছবিৰ দৰে ইয়াতো চিত্ৰশিল্পীগৰাকীয়ে সমাজৰ দুখীয়া মানুহখিনিৰ কঠোৰ, হাড়ভঙা পৰিশ্ৰমক কোনো ধৰণে ৰহণ নসনাকৈ ফুটাই তুলিছে। ছবিখনৰ শিল ভাঙোতা দুজনলৈ চালে আমি দেখোঁ যে তেওঁলোকৰ মাজত বয়সৰ যথেষ্ট তফাৎ। এজন হৈছে বল-যৌৱনে ভাটি দিয়া মাজ-বয়সীয়া লোক, আৰু আনজন হৈছে যৌৱনৰ দুৱাৰদলিত সদ্যে ভৰি থোৱা কোমল দেহৰ কিশোৰ। দুয়োৰে বাবেই এনে হাড়ভঙা কাম অতি কষ্টকৰ।
ভূপেন হাজৰিকাৰ গীতটোতো শিল ভাঙোতাজনৰ একেধৰণৰে ছবি এখন ফুটি উঠে, যিখনে কয়:
তোৰ ঘামভৰা নঙঠা পিঠি
তপত ৰ’দত যায় ফাটি
কোমল ভৰিৰ তলুৱাত জ্বলে
তপত ৰঙা ৰঙা মাটি...
এই গীতটোত শিল ভাঙোতাজনৰ বয়সৰ উল্লেখ নাই। কিন্তু এনে তীব্ৰ শাৰিৰীক কষ্টই বয়স নাচায়। গীতটোৰ এই শাৰীকেইটাৰ মাজেৰে শ্ৰোতাই শিল ভাঙোতাজনৰ অনুভূতিৰ জগতখনলৈ সোমাই গৈ তেওঁৰ কষ্টক নিজৰ কল্পনাতে, নিজৰ শৰীৰতে অনুভৱ কৰিব পাৰে।
যিদৰে হাজৰিকাৰ শিল ভাঙোতাজনৰ পিঠি আৰু ভৰি দুয়োটাই নঙঠা, সেইদৰে কুখ্বেৰ শিল ভাঙোতাহঁতৰো ভৰিৰ জোতা দুযোৰ পুৰণি আৰু পিঠিৰ চোলাকেইটা উৱলি যোৱা। ইউৰোপৰ দৰে শীতপ্ৰধান ঠাইত গা ওলোৱা ফটা কাপোৰে চৰম দাৰিদ্ৰৰ কথাকে সূচায়, আৰু ই এই বনুৱা দুজনে সহ্য কৰিবলগীয়া প্ৰচণ্ড জাৰৰ কথাকে ইংগিত কৰে। ওপৰৰ পাহাৰখনৰ ঢালেৰে নামি অহা আন্ধাৰ ছাঁখিনিয়ে (‘আকাশ পৰশা ক’লা শিলবোৰে…’) যিদৰে এহাতে এই মানুহকেইজনৰ অন্ধকাৰময় জীৱন কথা ইংগিত কৰে, সেইদৰে সি নিশাৰ আগন্তুক জাৰৰো আগজাননী দিয়ে।
ভূপেন হাজৰিকাৰ গীতৰ শিল-ভাঙোতাজন নামহীন। তেওঁৰ জীৱিকাটোৱেই যেন তেওঁৰ একমাত্ৰ পৰিচয়। সেইদৰে কুখ্বেৰ ছবিখনতো শিল ভাঙোতা দুজনৰ মুখ দুখন ঢাক খোৱা, দৰ্শকৰ দৃষ্টিৰ আঁৰ। এই ছবিখনৰ নামেই কয় যে সমাজৰ চকুত তেওঁলোকৰ একমাত্ৰ পৰিচয় মাথোঁ শিল-ভাঙোতা হিচাবেহে, জীয়া ব্যক্তি হিচাবে নহয়। এই গীত আৰু ছবি উভয়তে মুখ্য চৰিত্ৰকেইটিৰ এনে নামহীনতাই সাম্প্ৰতিক সমাজ-ব্যৱস্থাৰ এক কঠোৰ সমালোচনা বহন কৰে।
কুখবেৰ ছবিখনত ৰঙৰ ব্যৱহাৰ সীমিত, ঘাইকে ক’লা আৰু মটীয়াতে আৱদ্ধ। এই বৰণ শিল আৰু কটুৰ মাটিৰ বৰণ, নিশাৰ আন্ধাৰ আৰু নিৰাশৰ বৰণ। আনকি ছবিখনৰ বাওঁহাতে থকা পকা শইচৰ সোণোৱালীখিনিয়েও আশাৰ বতৰা বহন নকৰে, বৰং সি শিলৰ কঠোৰতা আৰু সন্ধিয়াৰ অন্ধকাৰৰ মাজত চেপা খাই ৰয়। মাথোঁ ছবিখনৰ সোঁফালে এচুকত সৰুকৈ দেখা যোৱা আকাশৰ নীলা এচমকাইহে কিছু আশাৰ বাতৰি বহন কৰে।
ইয়াৰ বিপৰীতে হাজৰিকাৰ গীতটোৰ শেষাংশৰ সুৰ খুবেই আশাবাদী। তাত লাগি আছে প্ৰত্যাশাৰ সেন্দুৰীয়া বোল—
নিজ হাতেৰে শুকান মাটি খান্দ,
সৰু শিলেৰে সেন্দূৰী আলি বান্ধ
অ’ তই নিজ হাতে গঢ় দিয়া আলিটিৰে অহা
যুগৰ সভ্যতাই আগবাঢ়ে
তই শিলেৰে ইতিহাস ৰচোঁতা
তই সাম্যৰ ৰহণ সানোতা।
কিন্তু এই সেন্দুৰী আলিৰে আগবাঢ়ি অহা যুগটোত শিল ভাঙোতাজনৰ ঠাই থাকিবনে? নে শিলেৰে ৰচা এই ইতিহাসত শিল ভাঙোতাৰ হাড়ৰ ওপৰতে গজি উঠিব সভ্যতাৰ ৰড-কংক্ৰিটৰ ওখ ওখ ঘৰ আৰু উৰণীয়া সেতু? সেই কথাৰ উত্তৰ গীতটোত নাই, আৰু হয়তো নথকাটোৱেই স্বাভাৱিক।
গুস্তাভ কুখবেৰ ‘শিল ভাঙোতা’ ছবিখন আৰু ভূপেন হাজৰিকাৰ ‘ভাং ভাং শিল ভাঙোতা’ গীতটোৰ মাজত সময়ৰ ব্যৱধান এটা শতিকাৰ। কিন্তু আৱেগ আৰু ভাৱাদৰ্শৰ ক্ষেত্ৰত এই দুয়োটা শিল্পকৰ্মৰে মাজতে ব্যৱধান নগণ্য। মন কৰিবলগীয়া যে দুয়োজন শিল্পীয়ে একেটা বিষয়বস্তুকে দুটা ভিন ভিন সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত সুন্দৰকৈ খাপ খুৱাই তুলিছে। ইয়াৰ ফলত এহাতে এই শিল্পকৰ্ম দুটাই এক স্বকীয়, অনন্য ৰূপ পাইছে, আৰু আনহাতে দুয়ো এক কালাতীত আৰু স্থানাতীত প্ৰাসংগিকতা লাভ কৰিছে।
এইদৰেই এই ছবিখন আৰু গীতটোৰ মাজত ফুটি উঠিছে মহৎ শিল্পৰ কেতবোৰ গুৰুত্বপূৰ্ণ লক্ষণ, যিবোৰ লক্ষণৰ বিচাৰে শিল্প আৰু শিল্পীমন সম্পৰ্কে আমাক অনেক কথাৰ সম্ভেদ দিব পাৰে।
Comments