দক্ষিণ আফ্ৰিকাৰ এজাক বনৰীয়া হাতী। সিহঁতৰ দলপতি আৰু তাইৰ কণমানি পোৱালীজনীক মাথোঁ চৌবিছ ঘণ্টাৰ আগতে গুলীয়াই মৰা হৈছে। তাৰ আগতেও সিহঁতে মানুহৰ হাতত হেৰুৱাইছে দলৰ কেইবাটাও সদস্য। এতিয়া জাকটোত বাকী ৰৈছেগৈ মাথোঁ সাতোটি প্ৰাণী। এনেবোৰ অভিজ্ঞতাই হাতীৰ জাকটোক কৰি তুলিছে অতি হিংস্ৰ, মানৱবিদ্বেষী। বিশেষকৈ তাৰ নতুন দলপতিজনী আৰু তাইৰ তলৰ দুৱলীয়া হাতীজনী হৈ পৰিছে তেনেই ক্ষুব্ধ আৰু উগ্ৰ।
এনে অৱস্থাতে সিহঁতক দক্ষিণ আফ্ৰিকাৰ পুমালাংগা অভয়াৰণ্যৰ পৰা প্ৰায় এহেজাৰ কিল’মিটাৰ দূৰত অৱস্থিত থূলা-থূলা নামৰ অভয়াৰণ্য এখনলৈ নিবলৈ যো-জা চলোৱা হৈছে। ব্যক্তিগত মালিকানাৰ অধীন সেই অৰণ্যখনৰ গৰাকী হৈছে লৰেঞ্চ এণ্টনী নামৰ এজন সংৰক্ষণবিদ। হাতীজাকক নিয়া হ’ব এখন ডাঙৰ ট্ৰেইলাৰত, ট্ৰেংকুলাইজাৰেৰে অচেতন কৰি। তাৰ বাবে এণ্টনীৰ থূলা-থূলা অভয়াৰণ্যত চলিছে খৰতকীয়া যো-জা।
এণ্টনীৰ অৰণ্যখনেই হৈছে এই হাতীজাকৰ শেষ ভৰসা, যি সিহঁতক নিৰ্ঘাত মৰণৰ মুখৰ পৰা ৰক্ষা কৰিব পাৰে। কাৰণ মুকলিমূৰীয়া স্বভাৱৰ এই হাতীজাকে মানুহে বান্ধি দিয়া কোনো সীমাৰ মাজতে আৱদ্ধ হৈ থাকিব নোখোজে। সিহঁতৰ চিৰবৈৰীৰূপী মানুহ দেখিলেই সিহঁতে ৰুদ্ৰমূৰ্তি ধৰি চোঁচা মাৰি আহে। সেইবাবে বন বিভাগে হাতীজাকক এইটো শেষ ‘সুযোগ’ দিছে— যদি হাতীজাকে এণ্টনীৰ থূলা-থূলা অভয়াৰণ্যৰ পৰাও ওলাই যায়, তেন্তে সিহঁতক বনকৰ্মীয়ে নিৰ্বিচাৰে গুলীয়াই মাৰিব। এই সম্পৰ্কে বন বিভাগে এণ্টনীকো অতি কঠোৰ সকীয়নি দিছে।
বন্যপ্ৰাণীৰ লগতেই জীৱন কটোৱা এণ্টনীয়েও হাতীজাকৰ ‘গৃহপ্ৰৱেশ’ৰ বাবে তেওঁৰ অৰণ্যখনত গঢ়ি তুলিছে এটা শক্তিশালী কোঁঠ। কোঁঠটোৰ চাৰিওসীমাৰ বেৰত আঁৰি দিয়া হৈছে ৮,০০০ ভ’ল্ট বিদ্যুতৰ তাঁৰ। অৰণ্যৰ নতুন পৰিৱেশৰ লগত অভ্যস্ত নোহোৱালৈকে হাতীৰ জাকটোক সেই কোঁঠটোৰ ভিতৰতেই ৰখা হ’ব।
এইদৰে অভ্যস্ত হ’বলৈ হাতীৰ জাকটোক কিমান দিন লাগিব? হয়তো তিনি সপ্তাহ, বা হয়তো তিনি মাহ — সেই কথা কোনে ক’ব পাৰে?
সময়ত হাতীৰ জাকটোক থূলা-থূলা অভয়াৰণ্যলৈ অনা হ’ল, আৰু পুৱতি নিশা ২ বজাত মূষলধাৰ বৰষুণৰ মাজতে সেই কোঁঠটোৰ ভিতৰত সুমুওৱা হ’ল। কিন্তু তাৰ মাত্ৰ দুই-তিনি ঘণ্টাৰ ভিতৰতেই হাতীৰ জাকটোৱে এক অভিনৱ উপায়েৰে কোঁঠটো ভাঙি, কোঠটোৰ আৰু অভয়াৰণ্যৰ চাৰিসীমাৰ বিদ্যুতৰ তাঁৰৰ সংযোগ বিকল কৰি তাৰ পৰা ওলাই যায়। তাৰ পাছত আকৌ অতি কষ্টেৰে হেলিকপ্টাৰৰ সহায়ত হাতীৰ জাকটোক বিচাৰি উলিয়াই থূলা-থূলা অভয়াৰণ্যলৈ বলাই আনি পুনৰ কোঁঠটোৰ ভিতৰত সুমুওৱা হয়।
এইবাৰ আৰম্ভ হয় হাতীজাকক হাবিখনত ঘৰ খুওৱাৰ প্ৰক্ৰিয়া। জাকটোৰ ওপৰত অহৰহ চকু ৰাখিবৰ বাবে এণ্টনীয়ে এক অগতানুগতিক উপায় অৱলম্বন কৰে। তেওঁ নিজৰ পুৰণি লেণ্ড ৰ’ভাৰ গাড়ীখন হাতীৰ কোঁঠটোৰ ঠিক বাহিৰতে থিয় কৰি দিনে-নিশাই সেই মাজ হাবিতে থাকিবলৈ লয়। লগত সংগী হিচাবে থাকে মাথোঁ আন এজন ফৰেষ্ট ৰেইঞ্জাৰ আৰু পোহনীয়া কুকুৰ মেক্স।
এইদৰে প্ৰথমটো নিশা কটোৱাৰ পাছত পুৱা ঠিক চাৰি বাজি পঞ্চল্লিছ মিনিটত হাতীৰ জাকটোৱে পুনৰ কোঁঠটো ভাঙি ওলাই যাবলৈ উদ্যত হয়। হাতীৰ জাকটোক বাধা দিয়াৰ অন্য কোনো উপায় নেদেখি এণ্টনীয়ে নিজেই আগবাঢ়ি গৈ জাকটোৰ দলপতিজনীক শান্ত মাতেৰে ক’বলৈ ধৰে, ‘ওলাই নাযাবি অ’ আইজনী, ওলাই নাযাবি। এতিয়া এইটোৱেই তহঁতৰ ঘৰ। ইয়াৰ পৰা ওলাই গ’লেই তহঁতক গুলীয়াই মাৰিব। ওলাই নাযাবি দেই’ ইত্যাদি।
এণ্টনীৰ কথা শুনি কোঁঠটো ভাঙিবলৈ উদ্যত হোৱা দলপতি হাতীজনী থমকি ৰয়, আৰু কিছু সময় এণ্টনীৰ সৈতে মুখামুখি হৈ থিয় হৈ থাকি কোঁঠটোৰ মাজলৈ ওলটি যায়। তাইৰ পাছে পাছে উভতি যায় হাতীৰ গোটেই জাকটো।
ইয়াৰ পিছত প্ৰতিদিনে পুৱা ঠিক চাৰি বাজি পঞ্চল্লিছ মিনিটত এই একেটা ঘটনাই ঘটিবলৈ লয়, আৰু প্ৰতিদিনেই এণ্টনীয়ে কোমল, শান্ত মাতেৰে দলপতিজনীক বুজনি দি কোঁঠ ভাঙি নাযাবলৈ অনুৰোধ কৰে। এণ্টনীৰ কথা শুনি প্ৰতিবাৰে হাতীৰ জাকটোৱেও পলাবলৈ এৰি নিৰস্ত হয়। অচিৰেই এণ্টনীয়ে হাতীৰ লগত এইদৰে ‘কথা পতা’ৰ কথা আশা-পাশৰ মানুহৰ মাজত জনাজাত হৈ পৰে আৰু তেওঁ নাম পায় ‘দ্য এলিফেণ্ট হুইছ্পাৰাৰ’—হাতীৰ সৈতে ভুন্ভুনাই কথা পতা মানুহজন।
লৰেঞ্চ এণ্টনীৰ ২০০৯ চনত প্ৰকাশিত The Elephant Whisperer: My Life with the Herd in the African Wild নামৰ কিতাপখনত ওপৰত উল্লেখিত আটাইবোৰ কাহিনী সবিস্তাৰে উল্লেখ কৰা হৈছে। কিতাপখন লিখাত তেওঁক সহযোগ কৰিছে গ্ৰেইয়ম স্পেন্সে।মুঠ বিয়াল্লিছটা অধ্যায়ৰ এই কিতাপখনৰ প্ৰথম নটা অধ্যায়তহে এই ঘটনাখিনি বৰ্ণনা কৰা হৈছে। বাকীবোৰ অধ্যায়ত আছে হাতীৰ জাকটোৰ সৈতে এণ্টনীৰ অন্যান্য অভিজ্ঞতাৰ ৰোমহৰ্ষক বিৱৰণ।
এই চুটি লিখনিটোত কিতাপখনৰ পাছৰ অধ্যায়বোৰৰ ঘটনাৰাজিৰ সাৰ আগবঢ়াবলৈ চেষ্টা নকৰোঁ। ইচ্ছুক পাঠকে পোনপটীয়াকৈয়ে তাৰ সোৱাদ ল’ব পাৰিব। আমাৰ নিজৰ অনুভৱৰ পৰা ইয়াকেই কওঁ যে চাৰিশ পৃষ্ঠাৰ এই কিতাপখনৰ চুম্বকত্ব ইমানেই বেছি যে তাক এবাৰ হাতত তুলি ল’লে নমাই থোৱাই টান।
এণ্টনী আৰু তেওঁৰ লিখন-সহযোগী স্পেন্সৰ ভাষা আৰু বৰ্ণনা ইমান সাৱলীল যে কিতাপখনত উল্লেখিত সকলোবোৰ কথাই যেন পাঠকে জীৱন্ত ৰূপত চাব পাৰে, নিজৰ পঞ্চ-ইন্দ্ৰিয়ৰে অনুভৱ কৰিব পাৰে। বিশেষকৈ হাতীৰ জাকটোৰ সৈতে এণ্টনীৰ কিদৰে এক গভীৰ আৱেগিক সম্পৰ্ক গঢ় লৈ উঠে, সেই কথাৰ বৰ্ণনাৰ পঢ়িলে বন্যজীৱৰ বৌদ্ধিক, মানসিক ক্ষমতাৰ বিষয়ে আমাৰ মনত দ-লৈ শিপাই থকা বহুতো ধাৰণা প্ৰৱলভাৱে জোকাৰ খাই উঠে। তাৰ লগতে কিতাপখনত আছে থূলা-থূলা অভয়াৰণ্যক চোৰাংচিকাৰী আৰু ভূ-মাফিয়াৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ এণ্টনীয়ে কৰা প্ৰচণ্ড সংগ্ৰামৰ বিশদ বৰ্ণনা।
এই আটাইবোৰ কথা মিলি এই কিতাপখন হৈ উঠিছে বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে একবিংশ শতিকাত এতিয়ালৈ প্ৰকাশ পোৱা অন্যতম গ্ৰন্থবোৰৰ মাজত এখন।
ভাইটি, তোমাৰ বৰ্ণনা পঢ়ি কিতাপখন পঢ়িবলৈ মন গৈছে, পঢ়িব লাগিব।
বৰ ভাল লাগিল পঢ়ি। ধন্যবাদ পৰাগ দা। কিতাপখন নিশ্চয় পঢ়িম।