নৈ এখনৰ দৃষ্টিৰে চালে প্ৰকৃতিত ‘বানপানী’ বুলি কোনো বস্তু নাই — এই মন্তব্য নৃতত্ত্ববিদ, ৰাজনীতি বিজ্ঞানী জেইমছ চি. স্কটৰ। কথাষাৰ তেওঁ কৈছে ২০২০ চনৰ 'ইন প্ৰেইজ অব ফ্লাডজ' শীৰ্ষক এক বক্তৃতাত।
স্কটৰ মতে বানপানী শব্দটো এটা নৃ-কেন্দ্ৰিক (এনথ্ৰপ'চেণ্ট্ৰিক) শব্দ। শব্দটোৰ মাজেৰে আমি প্ৰকৃতিৰ এক স্বাভাৱিক পৰিঘটনাক ঠেক, মানৱীয় দৃষ্টিৰে চাওঁ, আৰু তাক বানপানী নাম দি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ।
তেওঁ কয় যে বানপানীৰ এক মূল কাৰণ হৈছে নৈৰ এলেকাত মানুহৰ অনুপ্ৰৱেশ, আৰু নিজৰ সুবিধাৰ্থে নৈৰ গতি নিয়ন্ত্ৰণৰ চেষ্টা।
বানপীড়িত মানুহৰ দৃষ্টিৰে চালে কথাষাৰ হয়তো অতি নিষ্ঠুৰ যেন ভাব হ'ব। যি সময়ত প্ৰতি বছৰে আমাৰ চাৰিওফালে বানৰ তাণ্ডৱ চলিব লাগিছে, প্ৰকৃতিয়ে নিষ্ঠুৰ কাল ৰূপ ধাৰণ কৰিছে, তেনে সময়ত ‘বানপানী নাই' বুলি কোৱাটো এক অতিশয়োক্তি যেনেই ভাব হ’ব।
বানপীড়িত মানুহৰ বাবে বানপানী এক স্পৰ্শকাতৰ বিষয়। বানৰ সংহাৰী মূৰ্তিত মৰণান্তিক হৈ মানুহে নৈকে গালি পাৰে। কবিয়ে নদীৰ ধলে পথাৰক বলাৎকাৰ কৰাৰ কথা কয়, কয় গৰ্ভৱতী শস্যৰ সন্তানক পলসে কবৰ দিয়াৰ কথা। গীতিকাৰে লুইতৰ বলিয়া বানক প্ৰত্যাহ্বান জনাই সহস্ৰ হাতেৰে নৈৰ দুপাৰ বন্ধাৰ কথা কয়, লুইতৰ শক্তিক কাঢ়ি কাঢ়ি আনি লুইতকে মানুহৰ ভৃত্য কৰাৰ কথা কয়।
এনে নৈপৰীয়া মানুহৰ দৃষ্টিভংগীৰে চালে জানো বানপানীৰ অস্তিত্ব নুই কৰিব পাৰি?
এইক্ষেত্ৰত ‘দৃষ্টিভংগী’ শব্দটো গুৰুত্বপূৰ্ণ। স্কটে কয় যে বানপানী হৈছে প্ৰকৃতিৰ এক স্বাভাৱিক আৰু নিয়মীয়া পৰিঘটনা। নৈ এখনৰ ধলে বিধৌত কৰা প্লাৱনভূমিক নৈখনৰ হাঁওফাঁওৰ লগত তুলনা কৰি তেওঁ কয় যে বানপানী হৈছে নৈখনে বুকু ভৰাই লোৱা গভীৰ উশাহৰ দৰে। আমি উশাহ লওঁতে হাঁওফাঁও বায়ুৰে ভৰি পৰাৰ দৰে বানৰ সময়তে নৈ এখনৰ হাঁওফাঁও স্বৰূপ প্লাৱনভূমিসমূহো জীৱনদায়ী বাঢ়নীয়া পানীৰে ভৰি পৰে।
নৈৰ এনে জলাহী উশাহৰ ফলত মাটিত পলস পৰে, নৈৰ সুঁতিত বন্দী হৈ থকা মাছ-কাছবোৰে জাকি মাৰি ওলাই আহি পুষ্টিকৰ খাদ্য খাবলৈ আৰু বংশবৃদ্ধি কৰিবলৈ পায়, পানীয়ে ঢৌৱাই অনা সাৰ পাই গছ-গছনিবোৰ লহপঢ়াই বাঢ়ে, আৰু দাঁতিপৰীয়া মানুহৰ পথাৰ নদন-বদন হয়। নৱকান্ত বৰুৱাৰ কপিলীপৰীয়া সাধুত কোৱাৰ দৰে, ‘কপিলীয়ে সিহঁতক বানপানীৰে মাৰে, কপিলীৰ পানীয়েই সিহঁতৰ পথাৰত জীপ দিয়ে।’
স্কটে কয় যে নৈৰ এই প্লাৱন-ভূমিসমূহ হৈছে মানৱ সভ্যতাৰো কঠীয়াতলী। বানে গঢ় দিয়া পলসুৱা ভূমিতে সম্ভৱ হৈ উঠিছিল মানুহৰ পূৰ্বপুৰুষসকলৰ স্থায়ী কৃষিকাৰ্য্য, আৰু এই কৃষিকাৰ্য্যয়ে সৃষ্টি কৰিছিল প্ৰায়বোৰ প্ৰাচীন সভ্যতাৰ। এই কথা স্কটে তেওঁৰ ২০১৭ চনত প্ৰকাশিত Against the Grain: A Deep History of the Earliest States নামৰ গ্ৰন্থত বিশদভাৱে আলোচনা কৰিছে।
বানপানীয়ে এৰি যোৱা বালি-মাটি আদিবোৰ তৰপে তৰপে জমা হৈ নৈৰ প্লাৱনভূমি প্ৰতি বছৰে অলপ অলপকৈ ওখ হৈ আহে। অৰূপজ্যোতি শইকীয়াই তেওঁৰ The Unquiet River: A Biography of the Brahmaputra (২০১৯) গ্ৰন্থখনত উল্লেখ কৰিছে যে অনুমান কৰা মতে ব্ৰহ্মপুত্ৰ নদীয়ে বাৰিষা কালত গুৱাহাটীৰ কাষেৰে গড়ে ২.১২ মিলিয়ন মেট্ৰিক টন বোকা কঢ়িয়াই নিয়ে — প্ৰতি দিনে!
যেতিয়া ব্ৰহ্মপুত্ৰই বাংলাদেশত প্ৰৱেশ কৰে, তেতিয়া এই বোকাৰ পৰিমাণ হয়গৈ দৈনিক ১৩ মিলিয়ন টন (বাৰিষা কালত)। অনুমান কৰা হৈছে যে গংগা আৰু ব্ৰহ্মপুত্ৰই মিলি বংগোপসাগৰত পেলোৱা গেদবোৰে প্ৰায় ১০-২০ কিল'মিটাৰ ডাঠ তৰপৰ সৃষ্টি কৰিছে।
যেতিয়া মানুহে বানপানী ৰোধ কৰোঁ বুলি নৈ এখনৰ এই দুৰন্ত গতিত বাধা দিবলৈ যায় তেতিয়া কি হয়? এনে হস্তক্ষেপৰ পৰিণতি হয় ভয়াৱহ। যেতিয়া মানুহে নৈৰ দুই কূলত বান্ধ-মথাউৰি আদি সাজি নৈক বান্ধিবলৈ খোজে, তেতিয়া সোঁতে কঢ়িয়াই অনা প্ৰচুৰ পৰিমাণৰ বোকা-বালিবোৰ নৈখনে নিজৰ বুকুতে জমা কৰিবলৈ ধৰে। ফলত নৈখনৰ বুকু ক্ৰমে বাম হৈ আহে, তাৰ গভীৰতা নোহোৱা হৈ পৰে। এইদৰে এসময়ত নৈখনৰ সুঁতিটো চৌপাশৰ প্লাৱনভূমিৰ তুলনাত ওখ হৈ উঠে। ইয়াৰ পিছত যেতিয়া নৈত ডাঙৰকৈ বান আহে, তেতিয়া সি অলিয়া-বলিয়া হৈ চৌপাশে ওপচি পৰে।
স্কটে তেওঁৰ বক্তৃতাত ১৯৯৩ চনত হোৱা আমেৰিকাৰ মিছিছিপি আৰু মিজৌৰি নৈৰ ‘গ্ৰেইট ফ্লাড’ নামে জনাজাত প্ৰচণ্ড বানপানীটোৰ কথা আঙুলিয়াই দিছে। প্ৰায় ৮,৩০,০০০ বৰ্গকিল'মিটাৰ ঠাই জলাক্ৰান্ত কৰা এই বানপানীটোক আমেৰিকাৰ ইতিহাসৰ সবাতোকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগবোৰৰ মাজৰ এটা বুলি ধৰা হয়।
এই বানৰ পানী প্ৰায় চাৰি-পাঁচ মাহ জুৰি শাম নকটাকৈ আছিল আৰু সি নৈ দুখনৰ পাৰৰ ১৫০০ মথাউৰিৰ প্ৰায় ১১০০ মথাউৰিকে উটুৱাই নিছিল। বাকী থকা মথাউৰিবোৰৰো বহুখিনি মানুহে নিজেই ভাঙি ধলৰ পানীক চৌপাশৰ প্লাৱনভূমিলৈ বাট উলিয়াই দিবলগীয়া হৈছিল।
স্কটৰ ভাষাত, অৱশেষত নৈখনে মানুহৰ ঠুনুকা বান্ধোন ভাঙি থানবান কৰিলে।
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰতিবছৰে হোৱা বানপানীৰ ক্ষেত্ৰতো ওপৰৰ প্ৰায়বোৰ কথা প্রযোজ্য। বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ২০২৩ চনত যমুনা নৈত হোৱা প্ৰৱল বানপানীৰ কেতবোৰ কাৰক হৈছে কম সময়ৰ ভিতৰতে হোৱা অতিবৃষ্টি, নৈৰ উৎস অঞ্চলত বান্ধ নিৰ্মাণ, নৈৰ বুকুত অসংখ্য দলং নির্মাণ, পানী বৈ যোৱা প্ৰাকৃতিক নলা আদিৰ বিলুপ্তি বা সংকোচন, নৈৰ এলেকাত মানুহৰ অনুপ্ৰৱেশ, গেদ জমা হৈ নৈৰ বুকুৰ উচ্চতা বৃদ্ধি, আদি ।
এনে ক্ষেত্ৰত নৈৰ অতিৰিক্ত পানীয়ে সুঁতিৰ পৰা বাহিৰলৈ ওলাই আহি দুপাৰৰ বাসিন্দাৰ ক্ষতিসাধন কৰাটো এক স্বাভাৱিক কথা ।
নৈ এখনৰ দৃষ্টিৰে চালে প্রকৃতিত ‘বানপানী’ বুলি কোনো বস্তু নাই বুলি স্কটে কোৱা এই কথাষাৰ উক্ত প্ৰসংগতে বুজিব লাগিব। স্কটে ইয়াকো কয় যে সুঁতিৰ মাজেৰে বৈ থকা পানীৰ ধাৰটো প্ৰকৃততে নৈ এখনৰ শীৰ্ণ বা মুমুর্ষু ৰূপহে। বাৰিষাৰ ফেনে-ফোটোকাৰে বৈ যোৱা ৰূপটোহে নৈ এখনৰ জীৱন্ত, তজজীয়া ৰূপ ৷
প্ৰাকৃতিক পৰিঘটনাবোৰৰ গুৰুত্ব উপলব্ধি কৰিবলৈ আমাৰ ঠেক, নৃ-কেন্দ্ৰিক ধাৰণাবোৰ যথেষ্ট নহয়। তাৰ বাবে কথাবোৰ প্ৰকৃতিৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰাটো অতি প্ৰয়োজনীয়।
এনে দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ হ’লে আমি নদীক বা প্ৰকৃতিক মানুহৰ ভৃত্য কৰাৰ দুৰাশা পৰিহাৰ কৰিব লাগিব। বুজিব লাগিব যে লোকশিল্পীয়ে কৈ যোৱাৰ দৰে নদীৰ কোনো কূল নাই, কিনাৰ নাই।
নহ’লে তাৰ দীৰ্ঘম্যাদী ফল হ’ব ভয়াৱহ। দৈনিক ঘটিবলৈ ধৰা প্ৰাকৃতিক দুৰ্যোগবোৰে তাৰেই সকীয়নি বহন কৰিছে।।