২৭ জুন ২০২৩৷ পেৰিচৰ উপকণ্ঠৰ নণ্টেয়া নামৰ ঠাইত ফৰাচী পুলিচে নাহেল মেৰ্জুক নামৰ ১৭ বছৰীয়া কিশোৰ এজনক মুখামুখীকৈ গুলীয়াই হত্যা কৰে৷ কিশোৰজনৰ দোষ? তেওঁ ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ গাড়ী চলাইছিল আৰু পুলিচক বাগী দি পলাবলৈ চেষ্টা কৰিছিল৷
এই ঘটনাৰ প্ৰতিক্ৰিয়াৰূপে পেৰিচ চহৰকে ধৰি ফ্ৰান্সৰ বিভিন্ন ঠাইত প্ৰতিবাদ আৰম্ভ হয় আৰু দুই-তিনিদিনৰ ভিতৰতে এই প্ৰতিবাদে এক দাবানলৰ ৰূপ লয়৷ বিশ্বৰ সকলো মানুহে সংবাদ মাধ্যমত এই দাবানলৰ শিখা দেখিবলৈ পায়৷ কিন্তু টিভিত বা বাতৰি কাকতত এনে ঘটনাবোৰৰ নিকট, হৃদয়বিদাৰক ৰূপটো ফুটি নুঠে৷ উঠিলেও সি অন্তৰ্ভেদী আৰু চিৰস্থায়ী নহয়৷ এনে ৰূপ এটি চাবৰ বাবে আমি যাব লাগিব কথাশিল্পৰ কাষলৈ, কলা-সাহিত্যৰ ওচৰলৈ৷
পেৰিচৰ এই ঘটনাটোৱে আমাক একে বিষয়ৰে এক বিশেষ সাহিত্যকৰ্মৰ কথা সোঁৱৰাই দিয়ে৷ সেয়া হৈছে ১৮৫৩ চনত প্ৰকাশিত ফৰাচী কবিতা এটি৷ কবিতাটিৰ নাম '৪ তাৰিখৰ নিশাৰ স্মৃতি’ (মূল ফৰাচীত ‘Souvenir De La Nuit Du 4’)৷ পেৰিচৰ পটভূমিতে ৰচিত কবিতাটোৰ বিষয়বস্তু হৈছে ফৰাচী পুলিচৰ হাতত এটি নিৰ্দোষ শিশুৰ মৃত্যু৷ কবিতাটোৰ ৰচক ফৰাচী সাহিত্যৰ এজন অন্যতম কাণ্ডাৰী কবি, ঔপন্যাসিক, নাট্যকাৰ ভিক্টৰ হুগ’ (১৮০২-১৮৮৫), যি Notre-Dame de Paris (১৮৩১), Les Misérables (১৮৬২) আদি কালজয়ী উপন্যাসৰ বাবে বিশ্বখ্যাত৷
কবিতাটোৰ শিৰোনামাত উল্লেখিত ৪ তাৰিখটোৱে ১৮৫১ চনৰ ডিছেম্বৰ মাহৰ চতুৰ্থ দিনটোৰ কথা কৈছে৷ সেই দিনটোৰ দুদিনৰ আগত, অৰ্থাৎ ১৮৫১ চনৰ ২ ডিছেম্বৰ তাৰিখে পেৰিচত এক সামৰিক অভ্যুত্থান ঘটিছিল৷ এই অভ্যুত্থানৰ অধিনায়ক আছিল তদানীন্তন ফৰাচী ৰাষ্ট্ৰপতি লুই-নাপ’লিঅ’ ব’নাপাৰ্ট (পাছলৈ তৃতীয়জন নাপ’লিঅ' নামে জনাজাত)৷ এওঁ আছিল বিখ্যাত ফৰাচী সম্ৰাট নাপ’লিঅ’ ব’নাপাৰ্টৰ ভতিজা ল’ৰা৷
এই সামৰিক অভ্যুত্থানৰ দ্বাৰা তৃতীয়জন নাপ’লিঅ’ই নিগাজীভাৱে ফ্ৰান্সৰ সিংহাসন দখলৰ চেষ্টা কৰে৷ সেই উদ্দেশ্যৰে তেওঁ ফৰাচী পাৰ্লিয়ামেণ্টৰ নিম্ন সদন এচেম্বলি নেচিয়’নালৰ বিলোপ সাধন কৰে, বিৰোধী নেতৃবৃন্দক কাৰাগাৰত নিক্ষেপ কৰে আৰু নিজকে অপৰিসীম, স্বেচ্ছাচাৰী ক্ষমতা প্ৰদান কৰে৷ আন কথাত, সেই অভ্যুত্থানৰ দ্বাৰা তেওঁ ফ্ৰান্সত গণতান্ত্ৰিক শাসন-ব্যৱস্থাৰ ওৰ পেলায়৷
এই কাৰ্য্যৰ ফলত গোটেই ফ্ৰান্সতে প্ৰৱল প্ৰতিবাদ আৰম্ভ হয়৷ পেৰিচত ভিক্টৰ হুগ’, ভিক্টৰ শ্বয়েলছাৰ আদি লিখক-চিন্তাবিদে ফৰাচী সেনাবাহিনীৰ চূড়ান্ত বাধাকো নেওচি এই প্ৰতিবাদক নেতৃত্ব প্ৰদান কৰে৷ অৱধাৰিতভাৱেই ফৰাচী সেনাবাহিনীয়ে অতি কঠোৰ হাতেৰে এই প্ৰতিবাদ দমন কৰে আৰু ফৰাচী পুলিচৰ গুলীবৰ্ষণত চাৰি শতাধিক লোকৰ মৃত্যু হয়৷ এই প্ৰতিবাদবোৰ শাম কটালৈকে প্ৰায় ২৬,০০০ লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু ৯,৫৩০ জন লোকক আফ্ৰিকাৰ আলজেৰিয়ালৈ নিৰ্বাসিত কৰা হয়৷
উল্লেখ্য যে সেইখিনি সময়ত আলজেৰিয়াত ফ্ৰান্সৰ উপনিৱেশ আছিল৷ তাৰ উপৰিও আফ্ৰিকা মহাদেশৰ ঈজিপ্ত, টুনিচিয়া, মৰ’ক্ক’, আইভৰী ক’স্ত, চুডান, মালি, গিনি, নাইজাৰ, নাইজিৰিয়া, চেনেগাল, গাম্বিয়া আদি অনেক দেশতে ফ্ৰান্সে খোপতি পুতিছিল৷ ইয়াৰে কোনো কোনোখন দেশত আছিল ফ্ৰান্সৰ উপনিৱেশ, আৰু কোনো কোনোখন দেশ আছিল ফ্ৰান্সৰ আশ্ৰিত ৰাজ্য (প্ৰটেক্ট’ৰেট)৷ ১৯৭৭ চনত জিবুটি দেশৰ স্বাধীনতাৰ পাছতহে আফ্ৰিকাত ফ্ৰান্সৰ উপস্থিতিৰ অন্ত পৰে৷ ফ্ৰান্সৰ কৃষ্ণাংগ আৰু শ্বেতাংগ নাগৰিকৰ মাজৰ উত্তেজনাপূৰ্ণ সম্পৰ্কক ভালদৰে বুজিবলৈ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যত ফ্ৰান্সৰ ঔপনিৱেশিক ইতিহাসৰ কথা জনাতো জৰুৰী৷
অলপতে ফৰাচী পুলিচৰ হাতত মৃত্যুবৰণ কৰা নাহেল মেৰ্জুক আছিল আশিংকভাৱে আলজেৰিয়ান আৰু আংশিকভাৱে ম’ৰ’ক্কান মূলৰ৷ তাৰোপৰি তেওঁ আছিল ইছলাম ধৰ্মাৱলম্বী৷ এনেবোৰ কথাই তেওঁৰ হত্যাকাৰী পুলিচকেইজনৰ হিংস্ৰ, পক্ষপাতমূলক আচৰণত ইন্ধন যোগোৱা বুলি ধাৰণা কৰা হৈছে৷ এনেও ফ্ৰান্সৰ পুলিচে তাৰ কৃষ্ণাংগ আৰু আৰৱ-মূলৰ লোকৰ ওপৰত নিৰ্যাতন চলোৱাৰ ইতিহাস যথেষ্ট দীঘলীয়া৷
সি যি কি নহওঁক, আমি আকৌ ১৮৫২ চনৰ প্ৰতিবাদ-দগ্ধ ফ্ৰান্সলৈ উভতি যাওঁ৷ তৃতীয়জন নাপ’লিঅ’ৰ সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক ফৰাচী পুলিচে ভৰিৰে মোহাৰি পেলালে৷ স্বেচ্ছাচাৰী চৰকাৰখনৰ তীব্ৰ সমালোচক ভিক্টৰ হুগ’ই ১৮৫৫ চনৰ অক্টোবৰ মাহত স্ব-ইচ্ছাই ফ্ৰান্স ত্যাগ কৰিলে৷ তথাপিতো তেওঁ বিদেশৰ পৰাই ফ্ৰান্সৰ একনায়কত্ববাদী প্ৰেচিডেণ্টজনক ক্ষুৰধাৰ সমালোচনা কৰি গ'ল৷
১৮৫৯ চনত নাপ’লিঅ’ই ৰাজনৈতিকভাৱে নিৰ্বাসিত সকলো লোককে ক্ষমা প্ৰদান কৰি ফ্ৰান্সলৈ ঘূৰি অহাৰ সুযোগ দিয়ে৷ কিন্তু হুগ’ই এই সুযোগ গ্ৰহণ নকৰিলে৷ কাৰণ তেওঁ বুজিছিল যে তেনে কৰিলেই তেওঁ নিজৰ সমালোচনাত্মক স্থিতিক নৰম কৰিব লাগিব৷ সেয়েহে ১৮৭০ চনত তৃতীয় নাপ’লিঅ’ৰ পতনৰ পাছতহে হুগ’ই স্বদেশলৈ ঘূৰি আহে৷
নিৰ্বাসনৰ এই সময়ছোৱাতে ১৮৬২ চনত হুগ’ই তেওঁৰ কালজয়ী উপন্যাস Les Misérables প্ৰকাশ কৰে৷ (উপন্যাসখনক থানেশ্বৰ হাজৰিকাই দীন-দুখী নামেৰে সংক্ষিপ্ত ৰূপত অসমীয়ালৈ ভাঙনি কৰিছে)৷ প্ৰায় ডেৰ হাজাৰ পৃষ্ঠাৰ এই কিতাপখনৰ প্ৰকাশৰ পাছতে ঔপন্যাসিক হিচাবেও হুগ’ৰ নাম গোটেই বিশ্বতে ৰৈ-বৈ যায়৷ ইতিমধ্যেই তেওঁ ফৰাচী ভাষাৰ এজন অন্যতম কবি হিচাবেও সৰ্বজনস্বীকৃত হৈ উঠিছিল৷
ওপৰত উল্লেখিত ‘৪ তাৰিখৰ নিশাৰ স্মৃতি’ কবিতাটো প্ৰকাশ পায় ১৮৫৩ চনত, হুগ'ৰ স্বেচ্ছামূলক নিৰ্বাসনৰ দুবছৰ আগত। কবিতাটো সন্নিৱিষ্ট হৈছিল হুগ’ৰ Les Châtiments বা ‘শাস্তি’ নামৰ কাব্য সংকলনটিত৷ এই সংকলনত সন্নিৱিষ্ট প্ৰায়বোৰ কবিতাতে হুগ’ই তৃতীয়জন নাপ’লিঅ’ৰ স্বেচ্ছাচাৰী শাসনক শাণিত সমালোচনা কৰে৷
আৰম্ভণিতে কোৱাৰ দৰে কবিতাটোৰ শিৰোনামত উল্লেখিত দিনটো হৈছে ১৮৫১ চনৰ ৪ ডিছেম্বৰ৷ সেইদিনা নিশা হুগ’ই ৭ বছৰীয়া মৃত শিশু এটিৰ ঘৰলৈ যায়৷ শিশুটিৰ মৃত্যু হৈছিল ফৰাচী পুলিচে জনতাৰ ওপৰত কৰা নিৰ্বিচাৰ গুলীবৰ্ষণত৷ কবিতাটিত শিৰোনামত সেই নিশাটোৰ স্মৃতিৰ কথাকে কোৱা হৈছে৷
কবিতাটো আৰম্ভ হয় অতি পোনপটীয়াকৈ, পাঠকক জোকাৰি যোৱাকৈ–“শিশুটোৰ মূৰত আছিল দুটা গুলীৰ আঘাত৷” তাৰ লগে লগে কথকে শিশুটিৰ দুখীয়া অথচ শান্ত-সৌম্য ঘৰুৱা পৰিৱেশৰ বৰ্ণনা দি কয়, “তাহাঁতৰ ঘৰটো আছিল পৰিপাটী, নিঃকিন, শিষ্ট, শান্তিপূৰ্ণ”৷ সেই ঘৰটোৰে এচুকত বহি শিশুটিৰ আইতাকে চকুপানী টুকিছিল৷
কবিতাটোৰ কথকৰ সৈতে মৃত শিশুটিৰ কি সম্বন্ধ সেয়া স্পষ্ট নহয়৷ হয়তো কথকজন শিশুটিৰ চুবুৰীয়া, বা সমূলি অচিনাকি বাটৰ বাটৰুৱা৷ মুঠতে শিশুটিৰ সৈতে কথকজনৰ কোনো নিকট সম্বন্ধ নোহোৱাৰ সম্ভাৱনাই বেছি৷ কথকৰ বস্তুনিষ্ঠ দৃষ্টিভংগীতেই এই সম্ভাৱনাৰ ইংগিত পোৱা যায় –
নীৰৱতাৰ মাজেৰেই আমি ল’ৰাটোৰ কাপোৰবোৰ সোলোকালোঁ৷
তাৰ শেঁতা মুখখন মেল খাই আছিল৷
তাৰ ভয়াৰ্ত চকুহালিত মৃত্যুয়ে ডোঙা পাতিছিল৷
তাৰ ওলমি থকা হাত দুখনে যেন আশ্ৰয় বিচাৰিছিল৷
তাৰ পকেটত পোৱা গৈছিল কাঠৰ লাটুম এটা৷
তাৰ মূৰত গুলীয়ে কৰা গাঁত দুটা আছিল আঙুলি এটা সোমাই যাব পৰাকৈ দ...
ল’ৰাটোৰ মূৰৰ খোলাটো আছিল ফটা কাঠ এডালৰ দৰে মেল খোৱা৷
এনে গা শিহৰি উঠা বৰ্ণনা মৃত শিশু এটিৰ নিকটাত্মীয় লোক এজনৰ বাবে সম্ভৱ নহয়৷ পিচে কবিতাটোৰ এই বাস্তৱবাদী, নিষ্পলক বৰ্ণনাৰ এক বিশেষ গুৰুত্ব আছে৷ এনে বৰ্ণনাৰ মাজেৰে আমি মৃত শিশুটিক নিচেই ওচৰৰ পৰা চাবলৈ বাধ্য হওঁ৷ ফলত আমি ৰাজনৈতিক স্বেচ্ছাচাৰীতাৰ ভয়াবহ ফলাফলবোৰৰ বিষয়েও সজাগ হৈ উঠোঁ৷
তাৰোপৰি কবিতাটোৰ কেতবোৰ বৰ্ণনাই খ্ৰীষ্টান ধৰ্মৰ এক বিশেষ মুহূৰ্তকো প্ৰতিধ্বনিত কৰে৷ সেয়া হৈছে যীশুখ্ৰীষ্টৰ মৃত্যুৰ পাছৰ মুহূৰ্ত৷ কবিতাটোৰ এঠাইত ল’ৰাটোৰ বুঢ়ীমাকে তেওঁৰ মৃত নাতিয়েক বিষয়ে কয় যে সি “এজন যীশুৰ দৰেই শান্ত আৰু নিৰ্জু আছিল৷” তাৰোপৰি মৃত শিশুটিৰ কাপোৰ সোলোকোৱা, তাৰ ওলমি থকা হাত দুখনে আশ্ৰয় বিচৰা আদি বৰ্ণনাবোৰতো এই প্ৰতিধ্বনি স্পষ্টকৈ শুনা যায়৷
এই প্ৰতিধবনিৰ কথা ভালদৰে বুজিবলৈ আমি ওপৰৰ পেইণ্টিংখনলৈ মন কৰিব পাৰোঁ৷ ছবিখনৰ নাম ‘মৃত যীশুৰ বাবে শোক-বিলাপ’৷ আঁকিছে পোন্ধৰ শতিকাৰ বিখ্যাত ইটালীয়ান শিল্পী চাণ্ড্ৰ’ বটিচ্ছেলিয়ে (১৪৪৫-১৫১০)৷ ছবিখনৰ লগত হুগ’ৰ কবিতাটোৰ সাদৃস্যবোৰ মন কৰিবলগীয়া৷ বটিচ্ছেলিৰ এই ছবিখনত সদ্যে ক্ৰুছৰ পৰা নমাই অনা মৃত যীশুক দেখা গৈছে৷ চেইণ্ট পীটাৰ, চেইণ্ট পল আদিয়ে যীশুৰ শৱদেহৰ কাপোৰবোৰ সোলোকাই তেওঁক অন্তিম সংস্কাৰৰ বাবে সাজু কৰিছে৷ মাতৃ মেৰীৰ কোলাত শায়িত মৃত যীশুৰ হাত দুখন তললৈ ওলমি পৰিছে৷ খ্ৰীষ্টধৰ্মত, বিশেষকৈ ১০ৰ পৰা ১৮ শতিকাৰ মাজভাগলৈকে এই সময়ছোৱাৰ ইউৰোপীয় চিত্ৰকলাত ই এক খুবেই জনপ্ৰিয় বিষয়৷ বিষয়টোক জনা যায় ‘যীশুৰ মৃত্যুত শোক-বিলাপ’ বুলি (ইংৰাজীত ‘লেমেণ্টেইছন অব ক্ৰাইষ্ট’)৷ এই বিষয়বস্তুৰ ওপৰত অসংখ্য ইউৰোপীয় চিত্ৰশিল্পীয়ে বহুতো লেখত ল’বলগীয়া ছবি আঁকি থৈ গৈছে৷
হুগ’ৰ কবিতাৰ শিশুটিও এনে এখন ছবিৰ যীশুৰ দৰেই মৃত্যু শয্যাত শুই আছে৷ তাৰ গাৰ কাপোৰবোৰ সোলোকাই পেলোৱা হৈছে আৰু হাত দুখন অসহায়ভাৱে ওলমি আছে৷ মৃত যীশুক তেওঁৰ মাতৃ আৰু শিষ্যসকলে ঘেৰি থকাৰ দৰে শিশুটিক তাৰ আইতাক আৰু আন আন মানুহে আগুৰি ৰাখিছে৷ ওপৰৰ ছবিখনত মৃত যীশুক মাতৃ মেৰীয়ে কোলাত লৈ থকাৰ দৰে কবিতাটোৰ এঠাইত বুঢ়ী মানুহগৰাকীয়ে মৃত নাতিয়েকক কোলাত তুলি লৈছে৷ উল্লেখযোগ্য যে মাতৃকোলাত মৃত যীশুৰ শৱদেহৰ ছবি খ্ৰীষ্টান চিত্ৰকলা আৰু ভাস্কৰ্যৰ এক পৰিচিত দৃশ্য। দৃশ্যটোক কোৱা হয় 'প্যেইটা' (pietà) বুলি। ইউৰোপীয় ভাস্কৰ্যত এই দৃশ্যটোৰ এক উৎকৃষ্ট উদাহৰণ হৈছে মাইকেলএঞ্জেল'ৰ অমৰ সৃষ্টি 'মেডনা ডে-লা প্যেইটা' (১৪৯৯)।
এনে সাদৃস্য সৃষ্টিৰ জৰিয়তে কবিতাটোৱে শিশুটিৰ মৃত্যুক এক অনন্য গুৰুত্ব প্ৰদান কৰিছে৷ পাশ্চাত্য সমাজ-সংস্কৃতিত এনে গুৰুত্ব কেৱল ঈশ্বৰ-পুত্ৰ যীশুৰ বাবেহে সংৰক্ষিত৷ এই কাৰ্য্যৰদ্বাৰা যিদৰে কবিতাটোৱে এহাতে মৃত শিশুটিক ঈশ্বৰত্ব প্ৰদান কৰিছে, তেনেদৰে সি শিশুটিৰ হত্যাকাৰীহঁতক আওপকীয়াকৈ যীশুৰ হত্যাকাৰীৰ সৈতে তুলনা কৰিছে৷ এই তুলনাৰ যোগেৰে কবি ভিক্টৰ হুগ’ৰ মানৱতাবাদী দৃষ্টিভংগী আৰু গভীৰ নৈতিকতাবোধ অতি প্ৰাঞ্জলভাৱে ফুটি উঠিছে।
মন কৰিবলগীয়া যে ভাৱৰ এনে ব্যাপ্তি আৰু ব্যঞ্জনা মাথোঁ কলা-সাহিত্যতহে সম্ভৱ৷ হিংসা সম্পৰ্কীয় বাতৰি আদিত এনে ব্যঞ্জনা সম্ভৱ নহয়৷ বিশ্বৰ বিভিন্ন সংবাদ-মাধ্যমে ফ্ৰান্সৰ নাহেল মেৰ্জুকৰ হত্যাৰ বাতৰি পৰিৱেশন কৰোতে মাজে মাজে ইনছেটত মৃত কিশোৰজনৰ ফটো এখন প্ৰদৰ্শন কৰিছিল৷ কিন্তু তাতকৈ বেছিকৈ দেখুৱাইছিল ফ্ৰান্সৰ ৰাজপথত প্ৰতিবাদকাৰীৰ চাঞ্চল্যকৰ কাৰ্য্য-কলাপৰ ভিডিঅ’ ফুটেজ৷
অৰ্থাৎ, বেছিৰভাগ সংবাদ-মাধ্যমৰ বাবে কিশোৰটিৰ হত্যাতকৈ প্ৰতিবাদকাৰীহঁতে কৰা ধবংসকাৰ্য বেছি চিত্তাকৰ্ষক, বেছি সংবাদযোগ্য৷ এইদৰেই সংবাদ মাধ্যমৰ বাতৰিয়ে মানুহক এনে হত্যাৰ প্ৰকৃত ভয়াৱহতা আৰু কৰুণতাৰ পৰা বহু পৰিমাণে আঁতৰাই ৰাখে৷ তাত মৃত লোকজন পৰিণত হয় মাথোঁ এটি নাম, এখন ফটো বা এটি বাতৰিত৷
ইয়াৰ পৰিৱৰ্তে উৎকৃষ্ট কলা-সাহিত্যই চৰিত্ৰ একোটাৰ অস্তিত্ব আৰু স্বকীয়তাক যথাসম্ভৱ ৰক্ষা কৰিবলৈ চেষ্টা কৰে৷ লগতে এনে কলা-সাহিত্যই আমাক নিৰ্দিষ্ট ঘটনা বা পৰিস্থিতি একোটাক ভুক্তভোগীৰ দৃষ্টিৰে চাবলৈ বাধ্য কৰে৷ ফলত আমাৰ মনবোৰো সহমৰ্মিতাৰ ৰসেৰে সেমেকি উঠে৷ এই কথাখিনি আলোচ্য কবিতাটোতো দেখা যায়৷ তাত কথকে যেতিয়া মৃত শিশুটিৰ আইতাকৰ বিলাপৰ কথা কয়, তেতিয়া আমাৰ নিজৰ আৱেগবোৰো সাৰ পাই উঠে–
আমি ল’ৰাটোৰ কাপোৰবোৰ সোলোকাওতে তাৰ বুঢ়ীমাকে চাই আছিল৷
‘আয়ু, মোৰ পোনাটো তেনেই শেঁতা পৰি গৈছে,’ তেওঁ কৈছিল।
‘চাওঁ, লেমটো ওচৰলৈ আনহঁক৷
হে হৰি! তাৰ চুলিখিনিলৈ চাচোন,
কেনেকৈ কুমত লেপেট খাই লাগি ধৰিছে৷’
তাৰ পাছত তেওঁ নাতিয়েকক কোলাত তুলি লৈছিল৷
কবিতাটোৰ সহানুভূতিশীল দৃষ্টি মাথোঁ এই চৰিত্ৰকেইটিৰ ওপৰতে আৱদ্ধ নহয়৷ তাৰ পাছৰ দুটা শাৰীয়ে এই মৃত শিশুটি আৰু তাৰ দুৰ্ভগীয়া আইতাকৰ ভাগ্যক অশান্ত চহৰখনৰ আন আন মানুহৰ ভাগ্যৰ সৈতে বান্ধি পেলাইছে–
নিশাটো আছিল বিমৰ্ষ৷
এতিয়াও বাহিৰত গুলীৰ শব্দ শুনা গৈছিল,
যি গুলীয়ে ৰাজপথত কাৰোবাৰ বুকু বিদাৰিছিল৷
কবিতাটোৰ শেষৰ স্তৱকটোত হুগ’ই তৃতীয়জন নাপ’লিঅ’ক অতি চোকা ভাষাৰে সমালোচনা কৰিছে৷ কবিতাটোৰ মাজভাগত শিশুটিৰ বুঢ়ীমাকে বিলাপৰ সুৰত সুধিছে তেওঁৰ নিস্পাপ নাতিল’ৰাটিয়ে কিয় এইদৰে তাৰ জীৱন হেৰুৱাবলগীয়া হ’ল? কথকে উত্তৰত কৈছে– যাতে প্ৰেচিডেণ্ট নাপ’লিঅ’ই তেওঁৰ হাউলি-প্ৰাসাদ, লা-লিগিৰা, তেজী ঘোঁৰা, চিকাৰী কুকুৰ, লাহ-বিলাহৰ জীৱন, জুৱাখেল, গোলাপ ফুলৰ বাগিচা আদিবোৰ আজীৱন ভোগ কৰি যাব পাৰে আৰু বিলাস-নগৰী চেইণ্ট ক্লাউডলৈ গৈ তেওঁৰ অধীনৰ গভৰ্ণৰ আৰু মেয়ৰহঁতৰ চাতুকৰী প্ৰশংসা বুটলি যাব পাৰে৷ ৰাজনৈতিক নেতাজনৰ এনে আড়ম্বৰপূৰ্ণ জীৱন সুনিশ্চিত কৰিবলৈকেই শিশুটিয়ে পুলিচৰ হাতত প্ৰাণ হেৰুৱালে আৰু বুঢ়ী মানুহজনীয়ে কঁপা কঁপা হাতেৰে নিজৰ নাতিয়েকৰ কফন সীবলগীয়া হ’ল৷
এই কথা মন কৰিবলগীয়া যে কবিতাটোৰ শিৰোনামত ১৮৫১ চনটো আৰু ডিছেম্বৰ মাহটোৰ কথা উল্লেখ নাই৷ তাত মাথোঁ 'চাৰি তাৰিখৰ নিশা' বুলিহে উল্লেখ কৰা হৈছে। ক’ব পাৰি যে সেই চনটো আৰু মাহটো বাদ দিয়াৰ ফলত কবিতাটো এটা মাথোঁ বিশেষ ঐতিহাসিক ঘটনাৰ গণ্ডীৰ পৰা মুক্ত হৈ পৰিল৷ এতিয়া এজন পাঠকে কবিতাটোৰ ৰচনাৰ আঁৰৰ ৰাজনৈতিক, ঐতিহাসিক, সামাজিক পৃষ্ঠভূমিৰ বিষয়ে নজনাকৈও তাত বৰ্ণিত ঘটনাৱলীৰ কৰুণতা, তাৰ চৰিত্ৰকেইটিৰ খং-ক্ষোভখিনি অনুভৱ কৰিব পাৰে৷ ফলত তাৰ আবেদন আৰু গুৰুত্ব হৈ পৰিল সাৰ্বজনীন৷
এই সাৰ্বজনীনতাৰ বলতেই আজি ১৭০ বছৰ পাছতো কবিতাটো প্ৰাসংগিক হৈ আছে৷ সেইবাবেই ফৰাচী পুলিচে নাহেল মেৰ্জুকক হত্যা কৰাৰ প্ৰসংগতো আপোনা-আপুনি এই কবিতাটোৰ কথা মনলৈ আহিছে৷ ক’ব পাৰি যে সমাজত ক্ষমতাৰ অপব্যৱহাৰ চলি থকালৈকে কবিতাটোৰ প্ৰাসংগিকতা অক্ষুণ্ণ থাকিব৷
Comments