top of page
  • Writer's pictureParag Kumar Deka

কাৰ জীয়ন-যৌৱন গ'ল: এটি গীতৰ অন্তৰ্দ্বন্দ্ব

Updated: Sep 9, 2023



ডº ভূপেন হাজৰিকাৰ "কত জোৱানৰ মৃত্যু হ'ল" গীতটো এটি যুদ্ধৰ গীত, এটি ৰাষ্ট্ৰবাদী গীত। ১৯৬২ চনত ৰচিত এই গীতটিৰ পটভূমি আছিল সেই সময়ৰ ভাৰত-চীনৰ যুদ্ধ। সেয়ে স্বাভাৱিকতেই তাত ফুটি উঠিছে দেশপ্ৰেমৰ উত্তাল সুৰ আৰু এই দেশপ্ৰেম প্ৰকাশ পাইছে সীমান্তত যুদ্ধ কৰা সৈন্যবাহিনীৰ অকুণ্ঠ সমৰ্থনত।


কিন্তু ভালদৰে মন কৰিলে দেখা যায় যে গীতটোৰ কথাভাগৰ গতি আৰু ব্যঞ্জনা ইমান সৰল নহয়। গীতটোৰ কথাংশৰ এক বিশেষ বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্য হৈছে তাত যুদ্ধমুখী আৰু যুদ্ধ-বিৰোধী — এই দুই মনোভাৱৰ সহৱস্থান।


গীতটি আৰম্ভ হয় এক বিশেষ ছন্দৰ তবলা-লহৰীৰে। সেই ছন্দত আছে সামৰিক কুচ-কাৱাজৰ ইংগিত আৰু যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি যোৱা সেনাবাহিনীৰ ভৰিৰ গিৰিপ-গাৰাপ তাল। এই তবলা-লহৰীৰ লগে লগেই আৰম্ভ হয় বিকুলৰ দৰে এক ধ্বনি। দুয়োবিধ ধ্বনিয়ে যুদ্ধক্ষেত্ৰত ব্যৱহৃত ৰণভেৰী আৰু ৰণতুৰীৰ শব্দক অনুকৰণ কৰি গীতটিক আগুৱাই লৈ যায়।



এই সুৰটিৰ খোজত খোজ মিলাই কিছুদূৰ আগবাঢ়ি যোৱাৰ পিছত আমি গীতটোৰ কথাংশ শুনিবলৈ পাওঁ। কিন্তু গীতটোৰ কথাখিনি আৰম্ভ হোৱাৰ লগে লগে আমি থমকি ৰ'বলগীয়া হয়। এয়া কি? সৈন্যবাহিনীৰ মনোবল বৃদ্ধি কৰিবলৈ ৰচনা কৰা গীতটিৰ আৰম্ভণিৰ শাৰী দুটাইচোন পোনছাটেই শ্ৰোতাক যুদ্ধৰ ভয়াৱহতাৰ কথাহে সোঁৱৰাই দিয়ে?


কত জোৱানৰ মৃত্যু হ'ল

কাৰ জীয়ন-যৌৱন গ'ল


অৰ্থাৎ, যুদ্ধৰত সেনাবাহিনীৰ ৰণ-জেউতি চৰাবলৈ লিখা এই গীতটি আৰম্ভ হয় এক যুদ্ধবিৰোধী গীতৰ ঠাঁচত। বিশ্বৰ বিভিন্ন জাতিৰ কাব্য-সাহিত্য, গীত-মাত আদিত চকু ফুৰাই চালে আমি এনে অনেক যুদ্ধবিৰোধী গীত-কবিতা দেখিবলৈ পাওঁ। কিন্তু ভূপেন হাজৰিকাৰ এই গীতটিৰ স্বঘোষিত উদ্দেশ্য আকৌ যুদ্ধৰ বিৰোধ নহয়, সমৰ্থনহে। পিছে গীতটোৰ প্ৰথম শাৰী দুটাৰ পৰা এই কথা অনুমান কৰাটো টান।


গীতটোৰ প্ৰথম শাৰী দুটা শুনিলে শ্ৰোতাৰ হয়তো পোনচাটেই মনলৈ আহিব "Where Have All the Flowers Gone" শীৰ্ষক যুদ্ধবিৰোধী গীতটি। প্ৰখ্যাত আমেৰিকান লোকশিল্পী পীট চিগাৰৰ দ্বাৰা ৰচিত-পৰিৱেশিত এই গীতটিত যুঁজত জীৱন-যৌৱন হেৰুওৱা ডেকা ল'ৰাহঁতৰ কথা কোৱা হৈছে এই বুলি—


ফুলবোৰ কেনি গ'ল?

ফুলনি উৰুঙা হ'ল,

গাভৰুৱে তুলি নিলে

খোপাটি জিলিকি ৰ'ল।


গাভৰু কেনিনো গ'ল?

পদূলি উৰুঙা হ'ল,

ডেকা ল'ৰা সতে সবে

বিয়াত বহিব গ'ল।


ডেকাহঁত কেনি গ'ল?

সকলো ৰণুৱা হ'ল,

জোৱানৰ সাজ পিন্ধি

সমাধি লভিব গ'ল।


১৯৫৫ চনত ৰচিত এই গীতটো আধুনিক কালৰ এটি অন্যতম যুদ্ধবিৰোধী গীত।



চিগাৰে গীতটিৰ কথাংশ লিখি উলিয়াইছিল ইউক্ৰেইনৰ কচেক (Cossack)-সকলৰ পৰম্পৰাগত গীত এটিৰ আধাৰত। গীতটিক তেওঁ সুৰাৰোপিত কৰিছিল আয়াৰলেণ্ডৰ লোকগীত এটিৰ ঠাঁচত। পাছলৈ আন এজন আমেৰিকান লোকশিল্পী জ' হিকাৰছনে গীতটোত অতিৰিক্ত শাৰীকেইটামান সংযোজিত কৰে।


ভূপেন হাজৰিকাৰ "কত জোৱানৰ মৃত্যু হ'ল" গীতটোৰ প্ৰথম দুটা শাৰীয়ে এনে এক যুদ্ধবিৰোধী মনোভাৱকে ফুটাই তোলে। সেই দুয়োটা শাৰী যুদ্ধত নিহত সৈন্যহঁতৰ প্ৰতি সহানুভূতিৰে সেমেকা।


কিন্তু তাৰ পাছতে তৃতীয় আৰু চতুৰ্থ শাৰীত গীতটিৰ কথাংশই এক নতুন মোৰ লয়—


সেই মৃত্যু অপৰাজেয়

তেনে মৃতক নহ'লো মই কিয়?


অৰ্থাৎ, যুদ্ধবিৰোধী গীতৰ ঠাঁচত আৰম্ভ হোৱা গীতটোৱে তৃতীয় আৰু চতুৰ্থ শাৰীত এক যুদ্ধকামী গীতৰ সাজ পৰিধান কৰে। তাত অস্বাভাৱিক একো নাই, কাৰণ এই গীতটো ৰচিত হৈছিল ভাৰতৰ ৰাজনৈতিক জীৱনৰ এক বিশেষ সন্ধিক্ষণত, চীনা যুদ্ধৰ সময়ত, ভাৰতীয় সৈন্যবাহিনীৰ সমৰ্থনত। কিন্তু তেনে এটি গীতত একাধিকবাৰ যুদ্ধৰ বিভীষিকাৰ কথা আঙুলিয়াই দিয়া কথাটোহে মন কৰিবলগীয়া।


(এইখিনিতে অলপ থমকি ৰৈ সুধিব পাৰি 'অপৰাজেয় মৃত্যু' কেনেধৰণৰ? হয়তো এই কথাংশৰ দ্বাৰা গীতিকাৰে সীমান্তত শত্ৰুৰ আক্ৰমণত প্ৰাণ হেৰুৱায়ো অপৰাজিত হৈ ৰোৱা সৈন্যৰ কথা কৈছে। কিন্তু ৰণথলীত জীৱন-যৌৱন হেৰুওৱাজনৰ বাবে জয়েই বা কি অথবা পৰাজয়েই বা কি? মৃতজনৰ বাবে মৰণোত্তৰ জয়ৰ তাৎপৰ্য্য কি? গীতটোৰ "সেই মৃত্যু অপৰাজেয়" বোলা কথাখিনিয়ে এনে বহুতো প্ৰশ্নৰ অৱতাৰণা কৰে। এনে কেতবোৰ প্ৰশ্নৰ উত্তৰ আমি তলত উল্লেখিত অন্য কিছুমান গীতৰ আলোচনাত পাব পাৰোঁ।)


আৰম্ভণিৰ স্তৱকটোৰ পাছত দ্বিতীয়টো স্তৱকত গীতটোৱে এই ৰণুৱা সাজতে আগবাঢ়িবলৈ ধৰে, আৰু কয় ভাৰত-প্ৰহৰী হিমালয়ৰ কথা, ভাৰত-চীন সীমান্তত "চিৰজাগ্ৰত এটি বাহিনীৰ" প্ৰয়োজনীয়তাৰ কথা, গীতৰ কথকে কামেং সীমান্তত দেখা "শত্ৰুৰ পশুত্ব"ৰ কথা। কিন্তু ইয়াৰ পাছতে গীতটোৰ তৃতীয় স্তৱকত জিলিকি উঠে পুনৰ সেই একেই অন্তৰ্দ্বন্দ্ব—


কোন পিতৃ পুত্ৰহাৰা হ'ল

কোন মাতৃৰ বুকু শুদা হ'ল

ৰঙা সেন্দুৰ কাৰ মচা গ'ল

কাৰ বাসনা অপূৰ্ণ ৰ'ল

কত জোৱানৰ মৃত্যু হ'ল


যি যুদ্ধই সহস্ৰজনৰ জীৱনলৈ এনে কাল-অমানিশা নমাই আনে তেনে যুদ্ধক জানো মহিমামন্বিত কৰিব পাৰি? তেনে যুদ্ধৰ গুণানুকীৰ্তন জানো সম্ভৱ? অথচ এই গীতটোৱে তেনে এক অসাধ্যকে সাধন কৰিবলৈ চেষ্টা কৰে আৰু সেই চেষ্টাৰ বাটত বাৰম্বাৰ থমকি ৰয়। সেই চেষ্টাৰ বাটত হেঙাৰ দিয়ে গীতিকাৰৰ মানৱতাবোধ আৰু শিল্পী-হৃদয়ৰ অনুকম্পাবোধে।



প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যুদ্ধ বুলিলেই সাধাৰণতে আমাৰ চকুত ভাহি উঠে মৃত সৈন্যৰ শৱদেহৰ পাহাৰ আৰু ধ্বংসপ্ৰাপ্ত নগৰ-মহানগৰৰ ছবি। বিশ্বযুদ্ধ দুখনৰ অজস্ৰ ফটো, চিনেমা, পেইণ্টিং আদিয়ে সেই ছবিখন আমাৰ মনত বাৰুকৈ নিগাজি কৰিছে। অৱধাৰিতভাৱে এইদৰে মৃত্যুবৰণ কৰা প্ৰায়ভাগ সৈন্যই হৈছে তেজাল ডেকা। (উল্লেখযোগ্য যে কেৱল প্ৰথম মহাসমৰতে প্ৰায় ৯০,০০,০০০ সৈন্যৰ মৃত্যু ঘটিছিল আৰু তাত আহত সৈন্যৰ সংখ্যা আছিল ২,৩০,০০,০০০।)


ইংৰাজীকে ধৰি বিভিন্ন ইউৰোপীয় ভাষাত এনে বৃহৎ সংখ্যক সৈন্যৰ মৃত্যু বুজাবলৈ এটি বিশেষ অভিব্যক্তিৰ ব্যৱহাৰ হয়। সেই অভিব্যক্তিটো হৈছে 'কেনন ফডাৰ' (cannon fodder)। সেনাবাহিনী এটিৰ তলখাপৰ সৈন্যৰ জীৱনক যেতিয়া কোনো মূল্য দিয়া নহয়, শতৰুৰ হাতত মৃত্যু অৱধাৰিত বুলি জানিও যেতিয়া তেওঁলোকক যুদ্ধক্ষেত্ৰলৈ ঠেলি পঠিওৱা হয়, তেতিয়া তেনে দুৰ্ভগীয়া সৈন্যসকলক কোৱা হয় 'কেনন ফডাৰ' বুলি। তেনে ৰণুৱাবোৰৰ জীৱনৰ মূল্য যেন তুচ্চ, নগন্য। তেওঁলোক যেন বৰতোপৰ মুখেৰে বাকি দিয়া কেতবোৰ পশুখাদ্য মাথোঁ।


প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বহুতো সৈনিক-কবিৰ কবিতাত সৈন্যসকলক এনে দুৰ্ভাগ্যৰ এক কৰুণ ছবি ফুটি উঠে। উদাৰহণস্বৰূপে, আমি প্ৰথম বিশ্বযুদ্ধৰ এজন খ্যাতনামা কবি ৱিলফ্ৰেড অৱেনৰ "Anthem for Doomed Youth" নামৰ কবিতাটোৰ কথা উল্লেখ কৰিব পাৰোঁ। পাশ্চাত্য দেশত মানুহ মৰিলে সাধাৰণতে ওচৰ-চুবুৰীয়া ৰাইজক মৃতজনৰ শোকত সমবেত হ'বলৈ আহ্বান জনাই গীৰ্জাঘৰত ঘণ্টা বজোৱা হয়। কিন্তু কবিতাটোত কথকে কয় যে যুদ্ধক্ষেত্ৰত গৰু-ছাগলীৰ দৰে মৃত্যু বৰণ কৰা ডেকা ল'ৰাহঁতৰ বাবে কোনো গীৰ্জাৰ ঘণ্টা বাজি নুঠে। তাৰ সলনি শুনা যায় মাথোঁ সংহাৰী বন্দুকৰ দানৱীয় ক্ৰোধ। উল্লেখযোগ্য যে ১৮৯৩ চনত ইংলেণ্ডত জন্মগ্ৰহণ কৰা অৱেনে ১৯১৫ চনত বৃটিছ সেনাবাহিনীত যোগদান কৰে আৰু ১৯১৮ চনত যুদ্ধক্ষেত্ৰতে মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৫ বছৰ।



প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপত বহুতো যুদ্ধবিৰোধী কবিতাৰ সৃষ্টি হয়। কিন্তু তাৰ আগতেও ইউৰোপৰ বিভিন্ন লোকগীতত এনে যুদ্ধবিৰোধী ভাৱধাৰাৰ সবল উপস্থিতি চকুত পৰে। তেনে দুটা উদাহৰণ হৈছে "Mrs McGrath" আৰু "Johnny I Hardly Knew Ye" নামৰ আইৰিছ গীত দুটি। ভূপেন হাজৰিকাৰ "কত জোৱানৰ মৃত্যু হ'ল" গীতটিৰ দৰেই এই গীত দুটিয়েও যুদ্ধত জীৱন-যৌৱন হেৰুওৱা জোৱান দুজনৰ কথা কয়।


উল্লেখযোগ্য যে এই গীত দুটিৰ ৰচনাৰ সময়ত আয়াৰলেণ্ডত ব্ৰিটিছৰ শাসন চলিছিল। অগণন আইৰিছ ডেকাই ব্ৰিটিছ সেনাবাহিনীত যোগ দি প্ৰাণ হেৰুৱাইছিল বা ঘূণীয়া হৈছিল। ইয়াৰ প্ৰথমটো গীতত ব্ৰিটিছ সেনাবাহিনীৰ ছাৰ্জেণ্ট এজনে আহি আইৰিছ মাতৃ মিচেছ মেকগ্ৰাথক কয়, "মিচেছ মেকগ্ৰাথ, আপোনাৰ ল'ৰা টেডক সৈন্যবাহিনীত নামভৰ্তি কৰাই দিয়ক। তাত যোগ দিলে সি ৰঙা কোটচোলা এটা আৰু বৃটিছ সৈন্যই পিন্ধা ডাঙৰ তিনিকোণীয়া টুপি এটা পাব।"


"Oh, Mrs. McGrath," the sergeant said,

"Would you like to make a soldier out of your son Ted?

With a scarlett coat and a big cocked hat

Now, Mrs. McGrath, wouldn't you like that?"


চাৰ্জেণ্টজনৰ কথামতেই মিচেছ মেকগ্ৰাথৰ ল'ৰা টেডে বৃটিছ সেনাবাহিনীত যোগদান কৰে আৰু আয়াৰলেণ্ড এৰি ফ্ৰান্সৰ সৈতে যুঁজ দিবলৈ যায়। তাৰ পাছত টেডলৈ বাট চাই চাই মিচেছ মেকগ্ৰাথৰ চকু বিষায়। বছৰ-দিন পাৰ হয়, কিন্তু টেডৰ কোনো বাতৰি নাহে। মিচেছ মেকগ্ৰাথে বাৰম্বাৰ সৈন্যবাহিনীৰ কাৰ্য্যালয়লৈ গৈ চাৰ্জেণ্টজনক লগ ধৰি তেওঁৰ ল'ৰা টেড জীয়াই আছে নে নাই জানিবলৈ বিচাৰে, কিন্তু তেওঁৰ প্ৰশ্নৰ কোনো সদুত্তৰ নাপায়। এইদৰেই সাতোটা বছৰ পাৰ হয়। প্ৰতিদিনে এই দুৰ্ভগীয়া মাতৃগৰাকীয়ে সাগৰৰ পাৰলৈ গৈ পুতেকলৈ বুলি অপেক্ষা কৰে, আৰু দিনৰ শেষত শুদা বুকুখন লৈ ঘৰলৈ উভতি আহে।



অৱশেষত সাত বছৰৰ মূৰকত মিচেছ মেকগ্ৰাথে সাগৰৰ বুকুত বন্দৰ-অভিমুখী জাহাজ এখন দেখিবলৈ পায়। সেই জাহাজখনতে তেওঁৰ পুত্ৰ টেড ঘৰলৈ উভতি আহিছে। জাহাজখন পাৰত লগাত টেডে নামি আহি মাকৰ সমুখত থিয় দিয়ে। কিন্তু এয়া কি !


Up came Ted without any legs

And in their place two wooden pegs,

She kissed him a dozen times or two

And cried, "My God, Ted, is it you?


মিচেছ মেকগ্ৰাথে চিঞৰি উঠে, "বোপাই, তোৰ সবল-সুঠাম ভৰি দুখন কি কৰিলি? ক'ত এৰিলি সেই দুখন? তাৰ ঠাইত এই কাঠৰ খুঁটি দুটা কিয় লগাই আনিছ?"


তেতিয়া টেডে উত্তৰ দিয়ে যে মে' মাহৰ ৫ তাৰিখে এটা বৰতোপৰ গুলীয়ে তাৰ দুয়োখন ভৰি উঘালি নিলে— "A cannon ball on the 5th of May / Swept my two fine legs from the knees away."


এই কথা জনাৰ পিছত মিচেছ মেকগ্ৰাথে খঙত একো নাই হৈ কয়, "আমি আনৰ দেশৰ সৈতে কৰা সকলোবোৰ যুদ্ধ মাথোঁ ৰণুৱাৰ তেজ আৰু মাতৃৰ বুকু ভগা বেদনাৰ ভেটিতে জীয়াই থাকে। মোক ফ্ৰান্সৰ ৰাজপাট, ফৰাচী নৌসেনাৰ নাও-জাহাজ একো নালাগে। তহঁতে মাথোঁ মোৰ পোণাটোক আগৰ নিচিনা কৰি দে।"


All foreign wars I do proclaim

Live on blood and a mother's pain

I'd rather have my Ted as he used to be

Than the king of France and his whole navy.


ঊনৈশ শতিকাৰ প্ৰথম দশক দুটাৰ ভিতৰত ৰচিত বুলি অনুমিত এই গীতটো এটি বিখ্যাত যুদ্ধবিৰোধী গীত। যোৱা ৬০-৭০ বছৰত পীট চিগাৰ, টমি মেইকম, বৰ্ল আইভছ্‌, দি ডাবলিনাৰ্ছ, ব্ৰুছ স্প্ৰীংষ্টিন আদি অসংখ্য শিল্পীয়ে এই গীতটো পৰিৱেশন আৰু বাণীবন্ধ কৰিছে।



উক্ত গীতটিৰ দৰে "Johnny I Hardly Knew Ye" গীতটোৱেও যুদ্ধত পংগু হোৱা জনি নামৰ ডেকা ল'ৰা এজনৰ কথা কয়। এই গীতটো পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল ১৮৬৭ চনত। তাৰ ৰচয়িতা আছিল জ'ছেফ বি. গেইগেন (বা গেহেগেন) নামে ব্ৰিটেইনৰ অতি সফল সুৰকাৰ-সংগীতজ্ঞ এজন। সৃষ্টিৰ দিনৰে পৰা আজিকোপতি এই গীতটো ইংৰাজী ভাষাৰ এটি শক্তিশালী যুদ্ধবিৰোধী গীত বুলি পৰিগণিত হৈ আহিছে।


এই গীতটোৰ কথকজন অনামী। সেই কথকজনে কয় যে তেওঁ (আয়াৰলেণ্ডৰ) এথাই বুলি ঠাইখনলৈ গৈ থাকোঁতে বাটত গাভৰু মানুহ এজনীয়ে ইনাই-বিনাই কৈ থকা শুনিবলৈ পায়—


জনি তোক চিনিবৰ উপায় নাই...

তোৰ মৃদু চকু জুৰি কেনিনো গ'ল,

সেই মৃদু চকুযুৰি কেনিনো গ'ল,

যি যুৰি চকুৰে মুহিছিলি মোক

সেই চকুযুৰি কেনিনো গ'ল?


গীতটো কিছুদূৰ আগবঢ়াৰ লগে লগে আমি জানিবলৈ পাওঁ যে গাভৰু তিৰোতাগৰাকীয়ে এই কথাখিনি তেওঁৰ পূৰ্বৰ প্ৰেমিকক উদ্দেশ্যি ক'বলৈ ধৰিছে। এই প্ৰেমৰ পৰিণতি স্বৰূপ তেওঁলোকৰ শিশু সন্তান এটিও আছে, যিটি সন্তান হয়তো সমাজৰ চকুত বৈধ নহয়। বোধহয় সেই কাৰণেই জনি নামৰ এই ডেকাজনে তাৰ প্ৰেয়সী আৰু সন্তানটিক দলনিত পোনা মেলি ঘৰৰ পৰা পলাই গৈ সৈন্যবাহিনীত যোগদান কৰিছিল। গীতটিৰ এটা নিৰ্দিষ্ট শাৰীয়ে এনে এটি সম্ভাৱনাকে ইংগিত কৰে— "Why did ya [you] run from me and the child?" এতিয়া সেই জনি যুদ্ধৰ পৰা অন্ধ আৰু পংগু ৰূপত ঘৰলৈ ঘূৰি আহিছে, আৰু তাকেই দেখি তাৰ একালৰ প্ৰেয়সীয়ে এই গীত জুৰিছে।


গীতটোৱে আগবাঢ়ি তৃতীয় স্তৱকটো পোৱাৰ লগে লগে আমি এখন বৰ কৰুণ ছবি দেখিবলৈ পাওঁ। সেই স্তৱকটোত উক্ত তিৰোতাগৰাকীয়ে পংগু জনিক সোধে—


তোৰ সুঠাম দুভৰি কেনিনো গ'ল?

বন্দুক ল'বলে' লৰ মাৰি যোৱা

বলি ভৰিহাল কেনিনো গ'ল?

এতিয়ানো তই নাচিবি কিদৰে?

নচা দিন তোৰ উকলি গ'ল।


তোৰ দুই ভৰি, তোৰ দুই হাত

তোৰ দুচকুৰ এটিও নাই

এতিয়ানো তই চলিবি কিদৰে

মাগি নাখালেচোন উপায় নাই।


এইদৰেই "মিচেছ মেকগ্ৰাথ" গীতটিৰ টেড আৰু এই গীতটিৰ জনি নামৰ ডেকাজনৰ কাহিনীয়ে যুদ্ধত শৰীৰ-যৌৱন হেৰুওৱা যুৱকসকলৰ হৃদয়-বিদাৰক ছবি এখন দাঙি ধৰে। (বৰ্তমান ৰাছিয়া-ইউক্রেইনৰ যুঁজত কিমান সৈনিকে দিনৌ এনেকৈ জীৱন-যৌৱন হেৰুৱাব ধৰিছে তাৰ লেখ-জোখ নাই।)



এইখিনিতে আৰু এটা কথা উল্লেখ কৰিবলগীয়া। "Johnny I Hardly Knew Ye" গীতটোৰ কেইবাটাও সংস্কৰণ শুনিবলৈ পোৱা যায়। তেনে এটা সংস্কৰণৰ শেষৰ স্তৱকটোত তিৰোতাগৰাকীয়ে কয় যে জনিয়ে যেনেকৈ হ'লেও জীৱিত অৱস্থাত ঘৰলৈ ওভতি অহাত তাই অতিশয় সুখ লভিছে। দি আইৰিছ ৰ'ভাৰ্ছ্‌, দি ক্লেন্সি ব্ৰাডাৰ্ছ, চাণ্টিয়ানো আদি শিল্পীসকলে গীতটো পৰিৱেশন কৰোতে এই স্তৱকটোতে শেষ কৰে।


এই স্তৱকটোৰ পৰা আমি জানিবলৈ পাওঁ যে আয়াৰলেণ্ডৰ যুৱক জনিয়ে ব্ৰিটিছ সেনাবাহিনীত যোগ দি সুদূৰৰ চিলন দ্বীপত (আজিৰ শ্ৰীলংকা) ৰণ দিবলৈ গৈছিল, আৰু তাতেই তাৰ হাত-ভৰি আৰু চকু হেৰুৱাইছিল। ইতিহাসে কয় যে ব্ৰিটিছ সেনাবাহিনীৰ ৰয়েল আইৰিছ ৰেজিমেণ্ট নামৰ বিভাগটোৱে ১৬৮৪ চনৰ পৰা ১৯২২ চনলৈকে পৃথিৱীৰ প্ৰতিখন মহাদেশতে ব্ৰিটিছ সাম্ৰাজ্যৰ হকে যুঁজ-বাগৰ কৰিছিল। সম্ভৱত টেড আৰু জনিৰ চৰিত্ৰ দুটাও এই আইৰিছ ৰেজিমেণ্টৰে সদস্য আছিল।


কিন্তু গীতটোৰ অন্য এটা সংস্কৰণত সামৰণিৰ এই স্তৱকটো সম্পূৰ্ণ বেলেগ। সেই সংস্কৰণটোত তিৰোতাগৰাকীয়ে কয়, "সিহঁতে আকৌ এবাৰ বন্দুকবোৰ উলিয়াবলৈ ধৰিছে। কিন্তু এইবাৰ সিহঁতে কোনোপধ্যে আমাৰ ল'ৰাহঁতক আজুৰি নিব নোৱাৰে, সৈন্যবাহিনীত সুমুৱাব নোৱাৰে।"


They're rolling out the guns again

But they'll never take back our sons again...



গীতটিৰ এই শাৰীকেইটা জ'ন বায়েজ, জনি মিচ্ছেল আদি প্ৰখ্যাত আমেৰিকান শিল্পীসকলে কণ্ঠদান কৰা সংস্কৰণকেইটিত শুনিবলৈ পোৱা যায়। এই শাৰীকেইটিয়ে গীতটোক কেৱল এক যুদ্ধবিৰোধী গীতেই নহয়, বৰং এক এণ্টি-ৰিক্ৰুটমেণ্ট (সেনা-বাহিনীত নামভৰ্তিকৰণৰ বিৰোধিতা কৰা) গীততো পৰিণত কৰে।


এইখিনিতে এটা কথা উল্লেখ নকৰিলে এই আলোচনাটি আধৰুৱা হৈ ৰ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰত তাৰ গৃহযুদ্ধ বা আমেৰিকান চিভিল ৱাৰৰ (১৮৬১-১৮৬৫) সময়ৰ পৰা প্ৰচলিত এটি জনপ্ৰিয় লোকগীত হৈছে "When Johnny Comes Marching Home." এই গীতটোত ৰণথলীৰ পৰা ঘৰলৈ উভতি অহা ৰণুৱাহঁতৰ আগমণত উচৱমুখৰ হৈ উঠা পৰিৱেশ এটিৰ কথা কোৱা হয়। মন কৰিবলগীয়া যে এই গীতটি আৰু "Johnny I Hardly Knew Ye" গীতটি সম্পূৰ্ণৰূপে একেটি সুৰতে বন্ধা। পিচে দুয়োটা গীতৰে মৰ্মৰ প্ৰভেদ আকাশ-পাতাল। ইয়াৰে এটা গীত হৈছে যুদ্ধ-বিৰোধী, আৰু আনটো হৈছে যুদ্ধ-উদ্‌যাপনকাৰী। তেন্তে দুয়োটি গীতৰ সুৰ দুটি নহৈ একেটি কেনেকৈ হ'বলৈ পালে? আৰু এই সাদৃস্যৰ তাৎপৰ্য্যই বা কি?



এই বিষয়ে দুটা ভিন ভিন মতবাদ পোৱা যায়। এটা মতবাদে কয় যে ইয়াৰে যুদ্ধ-বিৰোধী গীতটোহে প্ৰথম আৰু মূল গীত; যুদ্ধ-উদ্‌যাপনকাৰী আমেৰিকান গীতটো হৈছে তাৰ এক বিকৃত ৰূপ। অন্য এক মতবাদে আকৌ কয় যে প্ৰকাশ কাললৈ চালে যুদ্ধ-উদ্‌যাপনকাৰী গীতটোহে প্ৰথম; পাছত সেই গীতটোক নিষ্ফল কৰিবলৈ বুলি সেই একেটি সুৰতে যুদ্ধবিৰোধী গীতটো ৰচনা কৰা হয়। এই মতবাদ মতে প্ৰথম অৱস্থাত ওপৰৰ যুদ্ধবিৰোধী গীতটো অন্য এটা সুৰতহে গোৱা হৈছিল।


সি যি কি নহওঁক, এই একেটি সুৰত বন্ধা বিপৰীতমুখী গীত দুটিয়ে মানৱ সভ্যতাত যুদ্ধ সম্পৰ্কে থকা দুটা বিপৰীতমুখী ধাৰণাক প্ৰতিনিধিত্ব কৰে। এই ধাৰণা দুটা যুদ্ধ সম্পৰ্কে মানৱ জাতিৰ চিৰন্তন অন্তৰ্দ্বন্দ্বৰে পৰিচায়ক। এই একেই অন্তৰ্দ্বন্দ্ব আমি দেখিবলৈ পাওঁ ভূপেন হাজৰিকাৰ "কত জোৱানৰ মৃত্যু হ'ল" গীতটোত। পিচে গীতটোৰ এনে অন্তৰ্দ্বন্দ্বৰ উৎস ক'ত? তাৰ উত্তৰটো আমি বুকু ডাঠি দিব নোৱাৰো যদিও এটা অনুমান অৱশ্যেই কৰিব পাৰোঁ।


আমাৰ এই অনুমান এনে ধৰণৰ:


সমসাময়িক ঘটনাৱলীয়ে আৰু সামাজিক-ৰাজনৈতিক হেঁচাই শিল্পী-সাহিত্যিকক প্ৰায়ে আদৰ্শগত এৰাধৰা বা আপোচৰ বাবে বাধ্য কৰে। তেনে হেঁচাতে একোজন শিল্পীয়ে পিতৃ-মাতৃ-পত্নীৰ বুকু শুদা কৰা প্ৰাণসংহাৰী ৰণৰ গুণ-গৰিমা বখানিবলৈও বাধ্য হয়। কিন্তু তথাপিতো শিল্পী-অন্তৰৰ কোনোবাটো কোণত সমাজে হেঁচা মাৰি থোৱা মানৱতাবোধখিনিয়ে প্ৰৱলভাৱে ক্ৰিয়া কৰি ৰয়। ইয়াৰ ফলতে সেই শিল্পীৰ সৃষ্টিৰাজীৰ মাজত এক গভীৰ অন্তৰ্দ্বন্দ্বই দেখা দিয়ে।



আমাৰ ধাৰণা যে "কত জোৱানৰ মৃত্যু হ'ল" গীতটোৰ দ্ব্যৰ্থকতাও তেনে অন্তৰ্দ্বন্দ্বৰে ফল। এই দ্ব্যৰ্থকতা দেখা যায় এহাতে গীতটোৰ যুদ্ধকামী ভংগী আৰু আনহাতে তাৰ অদমনীয় মানৱতাবোধত।


শিল্পকলাৰ গুৰুত্ব আৰু প্ৰকৃতিক অনুধাৱন কৰিবলৈ, শিল্পীৰ সামাজিক-ৰাজনৈতিক ভূমিকা আৰু স্থিতিক ভালদৰে বুজিবলৈ হ'লে আমি সাহিত্য-সংগীত আদিৰ এনে দ্ব্যৰ্থকতা, দ্বিধাবোধ আৰু অন্তৰ্দ্বন্দ্বক মুঠেও আওকাণ কৰিব নালাগিব। বৰং এনে অসংগতি, অন্তৰ্দ্বন্দ্বৰ সঘন আলোচনা, উদঘাটন আদিৰ মাজেৰেহে আমাৰ কলা সম্পৰ্কীয় চেতনা গভীৰৰ পৰা গভীৰতৰ হ'ব।



(ওপৰত উল্লেখিত সকলোবোৰ গীতৰ অনুবাদ নিবন্ধকাৰৰ নিজৰ। তাত মূল গীতৰ আক্ষৰিক অনুবাদ কৰিবলৈ চেষ্টা কৰা হোৱা নাই।)

261 views1 comment
bottom of page